ডিফু, 21জুন:ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষী(Assam Police)এ ৷ জিলাই জিলাই আৰক্ষী অধীক্ষক সকলৰ নেতৃত্বত আৰক্ষীৰ দল ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler) পৰিছে আৰক্ষীৰ জালত ৷ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত থকাৰ সময়তে জিলা আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই এখন যাত্ৰীবাহী বাছৰ পৰা ২১ কিঃগ্ৰাঃ ভাঙসহ বিহাৰৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি মাঞ্জা আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়ত যাত্ৰীবাহী বাছখনৰ পৰা ভাঙখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, মণিপুৰ ৰাজধানী চহৰ ইম্ফলৰ পৰা বিহাৰ অভিমুখে আহি থকা এএমএন ০১ ২০৯২ নম্বৰৰ বাছখনৰ পৰা ভাঙখিনি জব্দ কৰা হয় ৷ এটা মোনাত ভৰাই ৰখাৰ অৱস্থাত এই বুজন পৰিমাণৰ ভাঙখিনি আৰক্ষীয়ে জব্দ কৰে ৷