ধিং, 9 নবেম্বৰ : নগাঁৱৰ ধিঙত সংঘটিত এক ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । নগাঁৱৰ ধিং খ্ৰাইষ্টজ্যোতি স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী মেধাৱী ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিছিল নাজিমূল হক নামৰ এজন যুৱকে । কিন্তু মেধাৱী ছাত্ৰীগৰাকীয়ে নাকচ কৰিছিল যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ ।
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ছাত্ৰীগৰাকীক যুৱকজনে গণধৰ্ষণ আৰু হত্যাৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ ইয়াৰোপৰি, শেহতীয়াকৈ যুৱকজনে ছাত্ৰীগৰাকীৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰা বুলিও অভিযোগ কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ।
যুৱকৰ এই ভাবুকিৰ ঘটনাই গভীৰভাৱে চাপ পেলাই ছাত্ৰী গৰাকীৰ মনত ৷ অৱশেষত, উপায়হীন অনুভৱ কৰি দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে যুৱকজনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান কৰে ।