তিনিচুকীয়া, 15 জুন :ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান । সমান্তৰালভাৱে তিনিচুকীয়া জিলাতো জিলাখনৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান । কিন্তু, অতি দুৰ্ভাগ্যজনকভাৱে ড্ৰাগছ সৰবৰাহকাৰী বা সেৱনকাৰীৰ বিৰুদ্ধে প্ৰশাসন যিমানেই সৰৱ হলেও এচামে প্ৰশাসনৰ এই তৎপৰতাক কেৰেপ নকৰা পৰিলক্ষিত হৈছে ৷ কিয়নো বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত ড্ৰাগছৰ বেহা তথা ড্ৰাগছৰ ব্যৱহাৰ অব্যাহত থকা দেখা গৈছে ৷
তিনিচুকীয়াত ড্ৰাগছসহ চাৰিজনক আটক - four drugs peddler apprehended in tinsukia
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছে তিনিচুকীয়া আৰক্ষী ৷ তিনিচুকীয়াৰ বজালতলী গাঁৱৰ পৰা ৬০ গ্ৰাম ড্ৰাগছসহ চাৰিজন যুৱকক আটক ৷
তিনিচুকীয়াত ড্ৰাগছসহ চাৰিজনক আটক
মঙলবাৰে পুনৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বজালতলী গাঁৱত ৬০ গ্ৰাম ড্ৰাগছসহ চাৰিজন যুৱকক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰে । আটকাধীন যুৱককেইজন ক্ৰমে হিৰকজ্যোতি সোণোৱাল, ভাৰ্গৱ চেতিয়া, অভিজিত শৰ্মা আৰু অক্ষয় বুলি জানিব পৰা গৈছে ৷ উঠি অহা প্ৰজন্ম কেতিয়া ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ হ'ব তাক লৈ এতিয়া সচেতন মহল চিন্তিত হৈ পৰিছে ৷
লগতে পঢ়ক : বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল