তেজপুৰ, 4 মাৰ্চ : ভাৰত ম্যানমাৰ সীমান্তৰ মিজোৰামত অসম ৰাইফালছ এক বৃহৎ অভিযান । শুকুৰবাৰে অসম ৰাইফালছৰ তিনিটা বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় সীমান্তৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় (Foreign Cigarettes Seized in Mizoram) ।
অসম ৰাইফালছৰ মুখ্য কাৰ্যালয় তৰফৰ পৰা জনোৱা মতে, শুকুৰবাৰে এক গোপন সূত্ৰ অনুসৰি অভিযান চলাই অসম ৰাইফালছ 8তম, 2য় আৰু 10 ম বাহিনীয়ে প্ৰায় 60 লাখ 580 টকাৰ মূল্যৰ 4,66,000 বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে (Foreign Cigarettes Seized by Assam Rifles) ৷ এই অবৈধ ভাৱে সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ চিগাৰেটখিনি মিজোৰামলৈ অনা হৈছিল বুলি জানিব দিয়ে অসম ৰাইফালছৰ মুখ্য কাৰ্যালয়ে (Cigarettes Seized Mizorams Champhai) ৷