নিউজ ডেস্ক, 11 জানুৱাৰী : কাছাৰ জিলাৰ অসম-মণিপুৰ সীমান্তত অচিনাক্ত দুৰ্বৃত্তৰ গুলী চালনাত (Firing at Assam Manipur border in Cachar) ত আহত হৈছে এজন লোক (One injured in Firing at Assam Manipur border) । আৰক্ষীৰ সূত্ৰই জনোৱা মতে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । শিলচৰৰ আৰক্ষী অধীক্ষক ৰমন দ্বীপ কৌৰ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে এই গুলিয়াগুলীৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
এক বেচৰকাৰী সূত্ৰই জনোৱা মতে, অসম-মণিপুৰ সীমান্তৰ চামটিলা অঞ্চলত এই ঘটনা সংঘটিত হয় । প্ৰায় ১০ জনীয়া দুৰ্বৃত্তৰ এটা দল গাঁওখনত উপস্থিত হৈ গাঁওবাসীক তেওঁলোকৰ কিছু দাবী সম্পৰ্কে অৱগত কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পাছতেই দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰে যাৰ ফলত এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষী অধীক্ষক ৰমন দ্বীপ কৌৰে (IPS Ramandeep Kaur) সংবাদ মাধ্যক অৱগত কৰিছে ।