অসম

assam

ETV Bharat / crime

লামডিং-ত বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী - বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী

লামডিং সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া বন মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা ।

বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী
বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী

By

Published : Feb 4, 2021, 10:55 PM IST

হোজাই, 4 ফেব্ৰুৱাৰী :লামডিং সংৰক্ষিত বনাঞ্চলত বন মাফিয়া আৰু বনকৰ্মীৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা । ঘটনাৰ পিচতেই গছ কটা মেচিনসহ গ্ৰেপ্তাৰ দুজন বন মাফিয়া ৷

বন মাফিয়া আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী

বন মাফিয়াই গছ কাটি থকা বুলি লংকা বনকৰ্মীৰ তহলদাৰী দলে খবৰ পোৱাত লামডিং সংৰক্ষিত বনাঞ্চলৰ চাকমা বস্তিত উপস্থিত হয় ৷ বনকৰ্মীৰ দলটো প্ৰত্যক্ষ কৰি বন মাফিয়াই বন কৰ্মীলৈ লক্ষ্য কৰি নিক্ষেপ কৰে কেইবা জাঁই গুলী । প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও তিনি জাঁইকৈ গুলী নিক্ষেপ কৰাত চাৰিজনীয়া বন মাফিয়াৰ দলটোৰ দুটা পলায় যায় যদিও আন দুটাক অভিযানকাৰী দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

বনকৰ্মীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা বন মাফিয়া দুটা

ধৃত বন মাফিয়া সঞ্জীত চাকমা আৰু মূল্যবান চাকমাক অভিযানকাৰী দলে লংকা বনাঞ্চলিক কাৰ্যলয়ত লৈ আনি অব্যাহত ৰাখিছে তদন্ত । ইপিনে ধৃত দুই বন মাফিয়াৰ জিম্মাৰ পৰা গছ কটা মেচিন এটা জব্দ কৰে বনবিভাগে । অন্যহাতে লামডিং সংৰক্ষিত বনাঞ্চলত হোৱা গুলীয়াগুলীৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ সমগ্ৰ ঘটনা সংক্ৰান্তত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :চুড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা

ABOUT THE AUTHOR

...view details