মৰাণ, 11 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ(Drugs), চুলাই মদৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান । দেওবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে দুলীয়াজানৰ ফেঞ্চি বজাৰত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ সুৰা(illegal liquor)ৰ বটল জব্দ কৰে ৷
দুলীয়াজান আৰক্ষী থানা(Duliajan Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কলিতা আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চলাইছিল এই অভিযান ৷ দুলীয়াজানৰ ফেঞ্চি বজাৰ(Fancy Bazar)স্থিত বিণ্টু সিং নামৰ এজন লোকৰ দোকানত মজুত কৰি থোৱা অৱস্থাত আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুজন লোককো আটক কৰে ৷
ইফালে শনিবাৰেও দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই দুলীয়াজানৰ নতুন বাছ আস্থানৰ পৰা এখন হোটেলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই ব্যৱসায়ীগৰাকীয়ে পলায়ন কৰে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷ ইতিমধ্যে পলায়ন কৰা ব্যৱসায়ীগৰাকীক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পর্যন্ত লোকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই ।