অসম

assam

ETV Bharat / crime

লাহৰিজানত বৃহৎ পৰিমানৰ হেৰ'ইন সহ তিনি সৰবৰাহকাৰীক আটক - মণিপুৰ

অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত এখন নৈশ বাছত আৰক্ষীয়ে তালাচী চলায় ৷ আৰক্ষীৰ উক্ত অভিযানত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ'ইন সহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বাছখনৰ পৰা মুঠ ৬৫৮'১৩ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷

Drugs With Three Paddler Arrested By Police At Diphu, Laharijan
লাহৰিজানত বৃহৎ পৰিমানৰ হেৰ'ইন সহ তিনি সৰবৰাহকাৰীক আটক

By

Published : Jul 2, 2021, 11:01 PM IST

ডিফু, 2 জুলাই :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰাৰ পাছতেইৰাজ্য জুৰি ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত বিভিন্ন জিলাৰ পৰা ইতিমধ্যে বহু ড্ৰাগছ মাফিযা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো গ্ৰেপ্তাৰ হৈছে বহু কেইটা ড্ৰাগছ সৰবৰাহকাৰী ৷ মাত্ৰ কিছুদিন পূৰ্বেই জিলাখানৰ ডিলাই আৰক্ষীয়ে এখন নৈশ বাছত অভিযান চলাই বাৰ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিটাকৈ কুখ্যাত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷

সেই ঘটনাত সততাৰ বাবে এজন গৃহৰক্ষী জোৱান ৰাজ্যজুৰি প্ৰশংসাৰ পাত্ৰ হোৱাৰ পিছতে বৃহস্পতিবাৰে নিশা পুনৰ অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত এখন নৈশ বাছত আৰক্ষীয়ে তালাচী চলায় ৷ আৰক্ষীৰ উক্ত অভিযানত বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ'ইন সহ তিনিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত ডিলাই থানা অন্তৰ্গত লাহৰিজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্জল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে নিশা লাহৰিজান অঞ্চলত অভিযান চলাই ৷

আৰক্ষীৰ অভিযানত এমএন ০১,-১৮৩৮ নম্বৰৰ এখন নৈশ বাছৰ পৰা এটা কাৰ্টুনৰ ভিতৰত লুকুৱাই অনা অৱস্থাত প্ৰায় 403 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নৈশ বাছখনৰ দুজন চালক ক্ৰমে, মণিপুৰৰ সুৰেশ খান (৩৫) লৌৰেবাম শ্বামু সিম (৪৬)আৰু বাছখনৰ কৰ্মচাৰী বিছাবা উদ্দিন (৩২)কে ধৰি তিনিজনক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷ পৰৱৰ্তী পৰ্যায়ত বাছখনত পুনৰ তালাচী চলোৱাত এটা ইলেক্ট্ৰিক হিটাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ২০ টাকৈ চাবোনৰ কেছৰ ভিতৰত আৰক্ষীয়ে ২৫৭'২০ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷

বাছখনৰ পৰা মুঠ ৬৫৮'১৩ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মুল্য কমেও চাৰি কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

ABOUT THE AUTHOR

...view details