অসম

assam

By

Published : Apr 25, 2021, 10:47 PM IST

ETV Bharat / crime

ডিব্ৰুগড়ত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন সৰবৰাহকাৰী

ডিব্ৰুগড় জিলাৰ ডিব্ৰুজানৰ পৰা হেৰ'ইনসহ চেলিম হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 47.3 গ্ৰাম হেৰ'ইন জব্দ ৷

Drugs With One paddler Arrested By Police At Dibrugarh
ডিব্ৰুগড়ত আৰক্ষীৰ জালত হেৰ'ইন সহ এজন সৰবৰাহকাৰী

ডিব্ৰুগড়, 25 এপ্ৰিল : ডিব্ৰুগড়ত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । সমান্তৰালকৈ ডিব্ৰুগড় আৰক্ষীয়েও চলাই গৈছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান । এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষী থানাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুপ জ্যোতি বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিব্ৰুগড়ৰ ডিব্ৰুজানত ড্ৰাগছৰ বিৰুদ্ধে চলাই এটা অভিযান ৷

ডিব্ৰুগড়ত আৰক্ষীৰ জালত হেৰ'ইন সহ এজন সৰবৰাহকাৰী

আৰক্ষীৰ এই অভিযানত ডিব্ৰুজানৰ ৰে'ল লাইন এলেকাৰ পৰা 47.3 গ্ৰাম হেৰ'ইন সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চেলিম হুছেইন ওৰফে গুদু বুলি জানিব পৰা গৈছে । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 5 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-সুদীৰ্ঘ 37 বছৰ পিছত স্বভূমি অভিমুখে জীৱন মৰাণ

ABOUT THE AUTHOR

...view details