নলবাৰী, 23 জুন : সমগ্ৰ ৰাজ্যজুৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান ৷ অসম আৰক্ষীৰ ব্যাপক সাল-সলনিৰ পাচতে আৰক্ষী-প্ৰশাসন এক প্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে অবৈধ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰীসকলৰ ৷ দীৰ্ঘদিনৰ পৰা ৰাজ্যত ড্ৰাগছৰ ক’লা ব্যৱসায়ে যুৱ প্ৰজন্মক প্ৰভাৱিত কৰি অহাৰ সময়ত এতিয়া দৈনিক ৰঙা ঘৰৰ আলহী হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ লগতে এতিয়া অধিক সজাগ হৈছে জনসাধাৰণ ।
মাৰাত্মক নিচাজাতীয় দ্ৰব্য নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে ৰাইজ । এইবাৰ নলবাৰীৰ মুকালমৱা আৰক্ষীৰ অভিযানত কাৰ্টনে কাৰ্টনে জব্দ নিচাযুক্ত দ্ৰব্য ৷ গাঁতৰ পৰা কাৰ্টনে কাৰ্টনে উদ্ধাৰ নিচাযুক্ত বটলৰ ভাণ্ডাৰ । মুকালমুৱাৰ বৰ্ণিবাৰীত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ নিচজাতীয় দ্ৰব্য ।