তিনিচুকীয়া, 9 জুন: ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ শংতিক হৈ পৰিছে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত অপৰাধী সকল ৷ ইতিমধ্যে ৰাজ্যখনৰ ভালেসংখ্যক ড্ৰাগছৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ মঙ্গলবাৰে লিডু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অঞ্চলটোৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বিকাশ ছেত্ৰীক(৩০) প্ৰায় ৬ গ্ৰাম ড্ৰাগছ(হেৰইন)সহ আটক কৰে ।
কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বিকাশ ছেত্ৰীক গ্ৰেপ্তাৰ - গ্ৰেপ্তাৰ
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ লিডু আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বিকাশ ছেত্ৰী গ্ৰেপ্তাৰ ৷ সুদীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছিল বিকাশ ছেত্ৰীয়ে ৷
কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বিকাশ ছেত্ৰীক গ্ৰেপ্তাৰ
উল্লেখ্য যে, লিডু কলপাৰা গাৱঁৰ পৰা আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই ছেত্ৰীক আটক কৰিবলৈ সক্ষম হয় । মন কৰিবলগীয়া যে, সুদীৰ্ঘ দিন ধৰি বিকাশ ছেত্ৰী নামৰ লোকজনে আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছিল ।
লগতে পঢ়ক:আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা