গোৱালপাৰা, 28 মে': ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰৰ জলেশ্বৰ আৰক্ষীৰ অভিযান । জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা গোৱালপাৰা জিলাৰ জলেশ্বৰৰ আৰক্ষী বিষয়া উত্তম মালাকাৰৰ নেতৃত্বত জলেশ্বৰ আৰক্ষীৰ এটা দলে বৰোউদমাৰী গাওঁৰ নুৰল ইছলামৰ ঘৰত অভিযান চলায় ।
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জলেশ্বৰত ড্ৰাগছ সৰবৰাহকাৰী আটক - ড্ৰাগছৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষীৰ অভিযান
ড্ৰাগছৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষীৰ অভিযান ৷ নুৰুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক ৷ জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ ৷
বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ জলেশ্বৰত আটক ড্ৰাগছ সৰবৰাহকাৰী
উক্ত অভিযানত আৰক্ষীয়ে ঘৰৰ পিছফালৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপ জব্দ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী নুৰুল ইছলাম মোল্লাক । ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷ ঘটনা সংক্ৰান্তত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনফালে ড্ৰাগছ মাফিয়া নুৰল ইছলাম মোল্লাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক :ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী গৌৰৱ গগৈৰ