ডিফু, 29 মাৰ্চ :বৰ্তমানৰ এচাম নৱ-প্ৰজন্মক ক্ৰমান্বয়ে ধ্বংসৰ গৰাহলৈ থেলি দিয়া বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে ধাৰাবাহিক অভিযান ৷ তাৰ মাজতে অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে অভিযান চলাই তিনিজন নগা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমানৰ নিষিদ্ধ হেৰ'ইন জব্দ কৰে ৷
মঙলবাৰে পুৱাৰ ভাগত লাভ কৰা এক গোপন তথ্যৰ ভিত্তিত বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰক্ষৰ নেতৃত্বত খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী আৰু উপ পৰিদৰ্শক নিতুল শইকীয়াসহ আৰক্ষীৰ এটা দলে খটখটী থানা এলেকাৰ লাহৰিজানৰ ড্ৰীমস্কাই হোটেলৰ ওচৰত এক নাকা তালাচী চলায় ৷
এই অভিযানত ডিমাপুৰৰ পৰা আহি থকা এখন নীলা ৰঙৰ মাৰুতি ভানত তালাচী চলাই তিনিজন নগালোকক নিষিদ্ধ হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ধৃত সৰবৰাহকাৰীকেইজন ক্ৰমে, নাগালেণ্ড ফেক জিলাৰ ফাটচাৰ' থানা এলেকাৰ ভিষ্ট' প'হেনা, শ্বুংগৱা ডুকৰু আৰু আৰু ছলুনি প'হেনা বুলি জানিব পৰা গৈছে (Drugs peddler arrested by Bokajan Police) ৷
প্ৰায় 5 কোটি টকা মূল্যৰ জব্দ হোৱা নিষিদ্ধ হেৰ'ইনখিনিৰ পৰিমাণ 711.06 গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Heroin seized in Assam Nagaland border) ৷ লগতে ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে দুটা মোবাইলৰ লগতে নগদ 23 হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক :GMC Election 2022 : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা