গোলাঘাট,21 এপ্ৰিল: পুনৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হ'ল গোলাঘাট আৰক্ষী । ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰে টোপনি কঢ়া মৃণাল গগৈ ওৰফে জজ'ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গোলাঘাট আৰক্ষীৰ । বহুবাৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জজ' । পুনৰ গোলাঘাট আৰক্ষীৰ জালত পৰিল গোলাঘাটৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ' । আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ'ক ।
এইবাৰ জামিন বিহীনভাৱে ২ বছৰ পৰ্যন্ত কাৰাগাৰ খাটিব লাগিব গোলাঘাট চানমাৰিৰ ভগা গাঁও নিবাসী ড্ৰাগছ ব্যৱসায়ী জজ'য়ে ৷ 21(a)/NDPS এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে জজ’ক । ড্ৰাগছ ব্যৱসায়ী জজ'সহ দীপজ্যোতি সিনহা আৰু দেৱজিৎ চেতিয়া নামৰ আন দুজন ড্ৰাগছ ব্যৱসায়ীকো কৰায়ত্ত কৰে গোলাঘাট আৰক্ষীয়ে ।