ধুবুৰী,14 জুন : ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ এজন যুৱক গ্ৰেপ্তাৰ ৷ ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হাফিজুৰ ৰহমানৰ গাড়ীচালক জুলফিকাৰ আলম মণ্ডল ওৰফে জুল নামৰ যুৱক জনে চিকিৎসকৰ গাড়ী চলোৱাৰ সমান্তৰালকৈ চলাই গৈছিল ড্ৰাগছৰ বেহা ৷
ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকী
ধুবুৰীৰ কলেজ নগৰ আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে এজনক । শনিবাৰে নিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ এজন যুৱক গ্ৰেপ্তাৰ ।
এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শনিবাৰে নিশা অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ দ্বিতীয় খণ্ড গাঁৱত । অভিযানত জুলফিকাৰ আলম ওৰফে জুলৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, নগদ ধন আৰু ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুলফিকাৰক । লগতে তেওঁৰ এখন স্কুটী জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি জুলফিকাৰৰ সৈতে জড়িত থকাৰ তথ্য উদঘাটনৰ বাবে জেৰা চলাইছে ধুবুৰী আৰক্ষীয়ে ।
লগতে পঢ়ক: সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগিব চৰকাৰী কৰ্মচাৰী