ধুবুৰী, 10 জানুৱাৰী :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো আৰক্ষীয়ে তীৰৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাইছে (Dhuburi police on mission against gamblers) । আৰক্ষীৰ অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ২২ টা তীৰৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Dhuburi police arrests gamblers) । উল্লেখ্য যে, মাটিৰ দালালৰ পিছত এইবাৰ অসম আৰক্ষীৰ তীৰৰ জুৱাৰী বিৰোধী অভিযান আৰম্ভ হৈছে । শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জুৱাৰীৰ বিৰুদ্ধে সৰৱতা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল (Assam CM against gambling in state) ৷
ইয়াৰ পিছতে জুৱাৰী সকলৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ আৰক্ষী বিভাগে (Assam police on anti gambling mission) ৷ সোমবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালভাৱে ধুবুৰীতো জিলাখনৰ সদৰ আৰক্ষী থানা ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমণি আৰু বিলাসীপাৰা মহকুমা আৰক্ষী থানা এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ২২ গৰাকী তীৰৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী বাহিনী । ধুবুৰী সদৰ আৰক্ষী থানাত ৬ জন, গোলকগঞ্জত ৩ জন, আগমণিত ২ জন, আৰু বিলাসীপাৰা মহকুমা আৰক্ষী থানা এলেকাত ১১ জন তীৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।