অসম

assam

ETV Bharat / crime

দিনদুপৰতে তিনিচুকীয়াত ডকাইতি কাণ্ড - তিনিচুকীয়া আৰক্ষী

তিনিচুকীয়াত দিনদুপৰতে ডকাইতি কাণ্ড । হাতত মাৰনাস্ত্ৰ লৈ ডকাইতি কাণ্ড তিনি জনীয়া দুৰ্বৃত্তৰ দলৰ ।

dacoite-in-tinsukia-with-weapons-in-hand
দিনদুপৰতে তিনিচুকীয়াত ডকাইতি কাণ্ড

By

Published : Jun 16, 2021, 7:03 PM IST

তিনিচুকীয়া, 16 জুন : তিনিচুকীয়াত অঘটন ৷ দিনদুপৰতে ডকাইতি কাণ্ড ৷ হাতত মাৰনাস্ত্ৰ লৈ ডকাইতি কাণ্ড তিনি জনীয়া দুৰ্বৃত্তৰ দলৰ ৷ তিনিচুকীয়া জিলাৰ ন-পুখুৰীৰ মছজিদ পট্টি ৰোডৰ ব্যক্তি এজনৰ ঘৰত সংঘটিত হৈছে এই ডকাইতি কাণ্ড ৷ দিনৰ প্ৰায় ১১:৩০ বজা নপুখুৰীৰ মছজিদ পট্টি ৰোডৰ সুৰেশ কেৰিয়াৰ নামৰ এজন ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰিছিল তিনি জনীয়া দুৰ্বৃত্তৰ দলটোৱে ৷

দিনদুপৰতে তিনিচুকীয়াত ডকাইতি কাণ্ড

ঘৰৰ ব্যক্তিয়ে জানিবলৈ দিয়া মতে, প্ৰথমে ঘৰৰ সকলো সদস্যক চকুত কাপোৰ বান্ধি ঘৰৰ পৰা এডাল সোণৰ চেইন, এটা সোণৰ আঙুঠি আৰু ৫টা মোবাইল ফোন লৈ পলায়ন কৰে দলটোৱে । সমগ্ৰ ঘটনা সন্দৰ্ভত ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ধানবাদৰ ক’লা হীৰা ফাগু মাহাতো

ABOUT THE AUTHOR

...view details