ৰঙিয়া, 17 আগষ্ট : পিতৃ-মাতৃৰ অবৰ্তমানত আত্মীয়ৰ হাতত নিৰ্যাতিত বহুতেই শৈশৱ-কৈশোৰ তীব্ৰ যান্ত্ৰণাৰ মাজেৰে পাৰ কৰা আমি প্ৰায়েই দেখা পাওঁ ৷ এনে ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাও সততে আমাৰ চকুত পৰে ৷ ঠিক অনুৰূপ ধৰণৰ এক ঘটনাই এতিয়া স্বাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত ৷ পিতৃ-মাতৃহীন এগৰাকী কিশোৰীক কেৱলমাত্ৰ কেইটামান ধনৰ বিনিময়ত বহিঃৰাজ্যৰ লোকৰ হাতত বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে ৷
খোদ ভুক্তভোগী কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে এই অভিযোগ উত্থাপন কৰিছে ৷ খুড়ীয়েক কল্যাণী দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে কিশোৰী বিক্ৰীৰ গুৰুতৰ অভিযোগ ৷ এই অভিযোগ অনুসৰি, কল্যাণী দাস নামৰ মহিলাগৰাকীয়ে নিজৰ ভতিজী কিশোৰী গৰাকীক পৰিয়ালৰ অন্য সদস্যক নজনোৱাকৈ একমাত্ৰ ধনৰ লালসাত ৰাজস্থানৰ এগৰাকী ৪০/৪৫ বছৰীয়া লোকৰ ওচৰত বিক্ৰী কৰিছে ।
ভুক্তভোগী কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত পিতৃ-মাতৃহীনা কিশোৰী গৰাকীক ধনৰ বাবেই ৰাজস্থানৰ এগৰাকী লোকৰ হাতত বিক্ৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে । জ্যেষ্ঠ ভগ্নী গৰাকীৰ অভিযোগ অনুসৰি আৰ্থিকভাৱে পিছপৰা হোৱা স্বত্তেও কল্যাণী দাস নামৰ মহিলা গৰাকীয়ে অলপতে একেদিনাই কেইবাবিধো বিলাসী সামগ্ৰী ক্ৰয় কৰিছে ৷