বকো, 24 জানুৱাৰী: কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায় গৰৈমাৰী আৰক্ষীয়ে । আৰক্ষীৰ এই অভিযানত এজন সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ধৃত সুৰা ব্যৱসায়ীজন গৰৈমাৰীৰ আলিকাষ গাঁৱৰ স্বাধীন কলিতা বুলি জানিবলৈ পোৱা গৈছে । ইফালে আৰক্ষীয়ে আটক কৰা সুৰা ব্যৱসায়ীজনৰ পৰা বহু বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদো নষ্ট কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। ইফালে অধিক তথ্যৰ বাবে ধৃত লোক জনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
ছয়গাঁৱৰ গৰৈমাৰীত আৰক্ষীৰ জালত এজন সুৰা ব্যৱসায়ী
ছয়গাঁৱৰ গৰৈমাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ এজন ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷
ছয়গাঁৱৰ গৰৈমাৰীত আৰক্ষীৰ জালত এজন সুৰা ব্যৱসায়ী
আনহাতে জিলা খনৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰাৰ সেৱন কৰি বহু লোক মৃত্যু মুখত পৰিছে ৷ বহু লোক ঘৰ সংসাৰ ধ্বংস হোৱাৰ লগতে নানা ধৰণৰ বিক্ষিপ্ত ঘটনা উদ্ভৱ হোৱাৰো অভিযোগ কৰিছে একাংশ সচেতন ৰাইজে ৷ অতিশীঘ্ৰে জিলা খনৰ সকলো অবৈধ সুৰাৰ ঘাটি সমূহ উৎখাত কৰিবলৈ আৰক্ষীক অহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক-অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন