অসম

assam

ETV Bharat / crime

নিউবঙাইগাঁও ৰে'ল ষ্টেচনত মাৰণাস্ত্ৰ সহ বৃহৎ পৰিমানৰ গুলি উদ্ধাৰ - বঙাইগাঁও জিলা

নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত মঙলবাৰে পিষ্টল সহ বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰে ৰে'লৱে আৰক্ষীয়ে । নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুলীবোৰ নি থকা অৱস্থাতে এটা বেগৰ পৰা উদ্ধাৰ কৰে অস্ত্ৰ সহ সজীৱ গুলী ৷

Bongaigaon railstation bullet recovery
নিউবঙাইগাঁও ৰে'ল ষ্টেচনত মাৰণাস্ত্ৰ সহ বৃহৎ পৰিমানৰ গুলি উদ্ধাৰ

By

Published : Feb 2, 2021, 10:41 PM IST

বঙাইগাঁও, 2 ফেব্ৰুৱাৰী:বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত মঙলবাৰে পিষ্টল সহ বৃহৎ পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰে ৰে'লৱে আৰক্ষীয়ে । মঙলবাৰে আবেলি চাৰি বজাত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'ল খনৰ পৰা ১০০০ জাঁই সজীৱ গুলী সহ এটা পিস্তল উদ্ধাৰ কৰে নিউ বঙাইগাঁও ৰে'ল আৰক্ষীয়ে । ৰে'লখনত পোৱা দুটা বেগত সৰু সৰুকৈ ৫০ টা পেকেটত গুলীবোৰ সুমুৱাই থোৱা অৱস্থাতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

নিউবঙাইগাঁও ৰে'ল ষ্টেচনত মাৰণাস্ত্ৰ সহ বৃহৎ পৰিমানৰ গুলি উদ্ধাৰ

নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা যাত্ৰীবাহী ৰে'ল খনত উদ্ধাৰ হোৱা অস্ত্ৰ সহ গুলিবোৰ বিহাৰৰ বক্সৰলৈ নিয়া হৈছিল বুলি সন্দেহ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । উদ্ধাৰ হোৱা বেগটোৰ গৰাকী এজন চিআৰপিএফ জোৱান বুলি জানিব পৰা গৈছে । জোৱানজনৰ নাম অশোক কুমাৰ যাদৱ । অৱশ্যে চিআৰপিএফ জোৱান জন পলায়ন কৰিবলৈ সক্ষম হয় । জব্দ কৃত অস্ত্ৰ সহ গুলিসমূহ ক'ৰ পৰা কেনেকৈ অনা হৈছিল, তাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনাটোক লৈ ৰে'ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-ৰিপুণ বৰাৰ চুনামি বাংলাদেশত আহিবঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details