আমগুৰি, 4 মে': মঙলবাৰে আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত আমগুৰিৰ বিভিন্ন অঞ্চলত অবৈধ চুলাই মদৰ বিৰুদ্ধে এটা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত আমগুৰিৰ জেহেনীয়া দেওৰজা আৰু মানটনীয়া গাঁৱৰ বহুকেইটা পৰিয়ালৰ বাসগৃহত অভিযান চলাই অবৈধ চুলাইৰ ঘাটি উচ্ছেদ কৰে।
আমগুৰিত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - অবৈধ চুলাই
অবৈধ চুলাইৰ বিৰুদ্ধে মঙলবাৰে আমগুৰিৰ বিভিন্ন অঞ্চলত আৰক্ষীৰ অভিযান। এই অভিযানত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰে আৰক্ষীয়ে ৷
![আমগুৰিত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান Amguri police continue anti-sulai operation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11635456-thumbnail-3x2-am.jpg)
আমগুৰিত চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
আৰক্ষীৰ এই অভিযানত চুলাই প্ৰস্তুতকৰা বিভিন্ন সামগ্ৰী জব্দ কৰাৰ লগতে মাটিত পুটি থোৱা অৱস্থাত প্ৰায় ২০০০ লিটাৰ চুলাই নষ্ট কৰে আৰক্ষীৰ দলটোৱে। আৰক্ষীৰ এই পদক্ষেপত ধন্যবাদ জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে ৷
লগতে পঢ়ক-অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা