অসম

assam

ETV Bharat / crime

মদাপী স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে পত্নীক - মদাপী স্বামীয়ে পীৰাৰে মৰিয়াই হত্যা কৰিলে পত্নীক

নৱবৰ্ষৰ দিনা সুৰাপান কৰি অহা স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই পীৰাৰে মূৰত প্ৰহাৰ কৰে পত্নীক ৷ ফলত মাটিত ঢলি পৰি থিতাতে মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া পত্নীয়ে(Alcoholic husband killed wife) । জানো আহক তাৰ পিছত কি হ’ল ৷

alcoholic-husband-killed-wife-in-rangapara
মদপী স্বামীয়ে পীৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰিলে পত্নীক

By

Published : Jan 2, 2022, 4:58 PM IST

ৰঙাপৰা, 2 জানুৱাৰী : শনিবাৰে এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় শোণিতপুৰ জিলাৰ ৰঙাপৰাত ( Domestic violence related murder in Rangapara) । সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাই । ঘটনা অনুসৰি, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰৌনাথপুৰ গাঁৱৰ নিৱাসী লক্ষী প্ৰসাদ কুৰ্মীৰ পুত্ৰ পিন্টু কুৰ্মীয়ে নিশা প্ৰায় ১১ মান বজাত পত্নী তথা দুটা সন্তানৰ মাতৃ বিমলা কুৰ্মীক এখন পীৰাৰে মূৰত প্ৰহাৰ কৰে । ফলত বিমলা কুৰ্মী মাটিত ঢলি পৰি থিতাতে মৃত্যুক সাৱটি লয়।

বিমলাৰ আত্মীয়ই অভিযোগ তুলিছে যে, সুৰাপান কৰি অহা স্বামীয়ে হিতাহিত জ্ঞান হেৰুৱাই পত্নীক নৃশংস ভাৱে হত্যা কৰে ( Alcoholic husband killed wife in Rangapara) । সংবাদ মাধ্যমৰ আগত ক্ষোভৰে বিমলাৰ আত্মীয়ই কয়, '' আমাৰ ভনীক মাৰি পেলাবলৈ বিয়া দিয়া নাছিলো । সৰু সৰু দুটা ল’ৰাৰ মাতৃ বিমলাক স্বামীয়ে বিয়াৰ পাছৰে পৰা অত্যাচাৰ কৰি আহিছিল । নিতৌ সুৰাপান কৰি অহা পিন্টুৱে কুকুৰা যুঁজত কুকুৰা খেলি জয়ী হৈ আহি ঘৈনীয়েকক মাৰপিট কৰে ।''

মদপী স্বামীয়ে পীৰাৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰিলে পত্নীক

ভুক্তভোগীৰ আত্মীয়ৰ অভিযোগ অনুসৰি, আনকি প্ৰাণৰ তাড়নাত ওচৰ চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’লেও অত্যাচাৰী স্বামীয়ে ভাবুকি দিয়ে পত্নীক ( Domestic violence case in Rangapara) ।

বিমলাৰ পৰিয়ালৰ লোকে ৰঙাপৰা থানাত উপস্থিত হৈ পিন্টু কুৰ্মীৰ অত্যাচাৰৰ ভয়াৱহ বিৱৰণ প্ৰকাশ কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত ৰঙাপৰা থানাত ০৫/২২ নম্বৰ গোচৰ ৰুজু কৰি ৩০২ ধাৰাত পিণ্টু কুৰ্মীক হত্যাৰ অভিযোগত ৰঙাপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Husband arrested for killing wife in Rangapara)) । লগতে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Anti Drugs Mission : ৰঙিয়া আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড কৰিয়াৰাৰ গাগা

ABOUT THE AUTHOR

...view details