বৰপেটাৰোড, 8 জুলাই : ক'ভিডে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ ইয়াৰ বিপৰীতে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ সমান্তৰালকৈ বৰপেটা জিলাতো বহু অপৰাধমূলক ঘটনা সংঘটিত হোৱাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত কৰা 6 টা চোৰ বুধবাৰে বৰপেটা আৰক্ষীৰ জালত পৰিছে ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বৰপেটা চহৰত সঘনাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আহিছিল ৷ ফলত বৰপেটা আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান ৷ এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে বৰপেটাৰোড আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত ৬ টা বাইক চোৰসহ চাৰিখন চুৰি হোৱা বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
আৰক্ষীয়ে আটক কৰা বাইক চোৰকেইটাৰ নাম হৈছে ইলিয়াছ আলী, জছৰ আলী, মণিৰুল শ্বেখ, খুৰশ্বিদ আলম, ৰফিকুল ইছলাম আৰু মইনুল হক ৷ এই 5 টা বাইক চোৰৰ ঘৰ চিৰাং জিলাত ৷ আনহাতে, ধৃত মইনুল হকৰ ঘৰ বঙাইগাঁৱত ৷