নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: প্ৰতিদিনে বিমানমন্দৰত অবৈধ কাৰ্যকলাপ অব্যাহত থকাৰ সময়তে বুধবাৰে হায়দৰাবাদৰ চামশাবাদ বিমানবন্দৰত শুল্ক বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ আৰু আমেৰিকান ডলাৰ । বুধবাৰে বিদেশৰ পৰা অহা দুজন লোকৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় ২.৫ কিলোগ্ৰাম সোণ । জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ১.১৫ কোটি টকা বুলি জানিব পৰা গৈছে ।
ডুবাইৰ পৰা এই সোণখিনি অবৈধৰূপে অনা বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱাৰ লগতে আন এগৰাকী যাত্ৰীয়ে ডুবাইলৈ আমেৰিকান ডলাৰ প্ৰেৰণ কৰিছিল বুলি জানিবলৈ দিয়ে শুল্ক বিভাগে । এই সন্দৰ্ভত শুল্ক বিভাগে এক গোচৰ ৰুজু কৰে ।
চামশাবাদ বিমানবন্দৰত বৃহৎ পৰিমাণৰ সোণ আৰু আমেৰিকান ডলাৰ জব্দ এফজেড-৮৭৭৯ বিমানেৰে ডুবাইৰ পৰা অহা যাত্ৰীসকলৰ বিৰুদ্ধে সোণৰ অবৈধ বেহা সন্দৰ্ভত শুল্ক বিভাগৰ বিষয়াসকলে এগৰাকী পুৰুষ যাত্ৰীৰ বিৰুদ্ধে বিদেশী মূদ্ৰা গোচৰৰ ৫ টা গোচৰ ৰুজু কৰে । জানিব পৰা মতে, সোণখিনি মিক্সাৰ-গ্ৰাইণ্ডাৰ মটৰ আৰু কটা সঁজুলিত লুকুৱাই আনিছিল ।
ইতিমধ্য়ে লোকজনৰ বিৰুদ্ধে শুল্ক বিভাগৰ অধিনৰ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰেপ্তাৰ কৰা লগতে তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে । তেওঁ ডুবাইলৈ ৩০,০০০ আমেৰিকান ডলাৰ লৈ গৈছিল । সম্প্ৰতি তেওঁ আৰক্ষীৰ জালত ।
লগতে পঢ়ক: ত্ৰিপুৰাত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ