অসম

assam

ETV Bharat / city

তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি দুই যুৱকৰ - ডিব্ৰু নদীত সলিল সমাধি ঘটে দুজন যুৱকৰ

এক হৃদয় বিদাৰক ঘটনা । তিনিচুকীয়াত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই যুৱকৰ (Youths died while bathing Tinsukia) । নিহত যুৱকদ্বয় ক্ৰমে তিনিচুকীয়া বৰগুৰিৰ মাধুৰ্য কলিতা (23) আৰু ৰিশৱ গোহাঁই (23) বুলি জানিব পৰা গৈছে ৷

Youths died while bathing Tinsukia
Etv তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই যুৱকৰ

By

Published : Aug 20, 2022, 8:44 PM IST

Updated : Aug 20, 2022, 10:08 PM IST

তিনিচুকীয়া, 20 আগষ্ট :তিনিচুকীয়াত অঘটন ৷ শনিবাৰে শনি লাগিল তিনিচুকীয়াৰ নতুন গাঁও কলিয়াপানী ঘাটত ৷ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ ডিব্ৰু নদীতসলিল সমাধিঘটে দুজন যুৱকৰ (Youths died while bathing Tinsukia)। যুৱকদ্বয় ক্ৰমে তিনিচুকীয়া বৰগুৰিৰ মাধুৰ্য কলিতা (23) আৰু ৰিশৱ গোহাঁই (23) বুলি জানিব পৰা গৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিৱেশৰ ৷

ঘটনাৰ বিৱৰণি অনুসৰি, তিনিচুকীয়াৰ নতুন গাঁও কলিয়াপানী ঘাটত গা ধুবলৈ আহিছিল মাধুৰ্য আৰু ৰিশৱ ৷ কিন্তু দুয়োকে স্থানীয় ৰাইজে গা নুধুবলৈ বাধা প্ৰদান কৰিছিল ৷ স্থানীয় ৰাইজৰ বাধা নামানি দুয়ো যুৱকে নৈত গা ধুবলৈ নামি যায় ৷

তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ গৈ সলিল সমাধি দুই যুৱকৰ

যুৱকদ্বয়ে গমেই পোৱা নাছিল যে, নৈৰ ঘাটত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল নিশ্চিত মৃত্যুৱে ৷ নিমিষতে নৈৰ সোঁতে দুয়ো যুৱকক উটোৱাই নিয়াৰ উপক্ৰম ঘটে (Youths drowns in Tinsukia) ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত এজন যুৱকক মূমূৰ্ষ অৱস্থাত ডিব্ৰু নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আনকি স্থানীয় ৰাইজে ততাতৈয়াকৈ যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ আনহাতে, ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষী তথা প্ৰশাসনৰ লোকক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ লগতে SDRF ৰ এটা বাহিনী উপস্থিত হৈ ডিব্ৰু নদীৰ পৰা নিৰুদ্দিষ্ট আনজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত ডিব্ৰু নদীত গা ধোঁৱলৈ গৈ বহু লোকৰ মৃত্যু হৈছে । শনিবাৰে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি ঘটাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক :Mishap During Holi in Jorhat: যোৰহাটৰ ভোগদৈ নদীত যুৱকৰ সলিল সমাধি

Last Updated : Aug 20, 2022, 10:08 PM IST

ABOUT THE AUTHOR

...view details