অসম

assam

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Dec 4, 2019, 8:30 AM IST

ফিল'বাৰী আৰক্ষীৰ সহযোগত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ৷ প্ৰায় দুই লাখ টকাৰ কাঠখিনি জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে ৷

ফিল'বাৰী আৰক্ষীৰ সহযোগত উদ্ধাৰ
বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ডুমডুমা,4 ডিচেম্বৰ:তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষীয়ে মঙলবাৰে এখন মালবাহী ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে ৷ প্ৰায় দুই লক্ষাধিক টকা মূল্যৰ অবৈধ কাঠসহ জব্দ কৰা বাহনখনৰ গৰাকী কাকপথাৰ উবন গাঁৱৰ বিশ্বজিত মৰাণ বুলি জানিব পৰা গৈছে । এই কাঠসমূহ AS-06F-8864 নম্বৰৰ এখন বাহনত অৰুণাচল প্ৰদেশৰ লাথাওৰ পৰা ৰূপাই অভিমুখে অনা হৈছিল ৷ আৰক্ষীয়ে বাহনখনৰ চালক আৰু সহযোগীক আটক কৰাৰ লগতে অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

উল্লেখযোগ্য যে,বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ অবৈধ কাঠকে ধৰি কয়লা পৰিবহন কৰি অহাৰ বাতৰি প্ৰকাশ পাই অহাৰ সময়তে কাঠ জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

আৰু পঢ়ক : নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন

ABOUT THE AUTHOR

...view details