অসম

assam

ETV Bharat / city

ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিংত পদক অৰ্জন কৰা খেলুৱৈক সম্বৰ্ধনা - নতুন দিল্লীত ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং প্ৰতিযোগিতা

নতুন দিল্লীত ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিংত পদক অৰ্জন চাৰি খেলুৱৈৰ ৷ স্ব-গৃহত উষ্ম আদৰণি খেলুৱৈ কেইগৰাকীক ৷

ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং, Wako India Kick Boxing competition, Arunachal pradesh
ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং

By

Published : Feb 18, 2020, 11:06 AM IST

ডুমডুমা, 18 ফেব্ৰুৱাৰীঃ নতুন দিল্লীৰ টলকুত্ৰা ইণ্ডোৰ ষ্টেডিয়ামত (Tolkutra Indore Studiam) অনুষ্ঠিত হোৱা ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিংত পদক অৰ্জন কৰা খেলুৱৈক সোমবাৰে স্ব-গৃহত উষ্ম আদৰণি ৷

9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীত ‘‘ৱাকু ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং’’প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চাৰিগৰাকী প্ৰতিযোগীয়ে চাৰিটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

পদক অৰ্জন কৰা খেলুৱৈক সম্বৰ্ধনা

চৰকাৰী সাহায্য অবিহনেই অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লেকাঙৰ পৰা যোৱা দহ গৰাকী খেলুৱৈৰ ভিতৰত চাৰিগৰাকীয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ 12 খন দেশৰ প্ৰতিযোগিতাৰ মাজত আন্তঃৰাষ্ট্ৰীয় উক্ত খেলখনত মহাদেবপুৰৰ দিব্যজিত ঝাই 69 কেজি শাখাত ব্ৰঞ্জৰ পদক, মনজিৎ য়েইনে 59 কেজি শাখাত ৰূপৰ পদক, জুমলি কাটই 69 কেজি শাখাত ৰূপৰ পদক আৰুৰবীন দেউৰীয়ে 70 কেজি শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

সোমবাৰে খেলুৱৈসকলে স্ব-গৃহত উপস্থিত হোৱাৰ পূৰ্বে Abotani Clan Organization নামৰ সংস্থাৰ লগতে স্থানীয় ৰাইজে ডিৰাক গেটত নৃত্য-গীতেৰে খেলুৱৈসকলক অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাই আদৰি আনে ।

ABOUT THE AUTHOR

...view details