নিউজ ডেস্ক, 9 আগষ্ট:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ-পূৱত উগ্ৰপন্থী সংগঠনৰ কূটাঘাত (Militant ambush in Changlang) ৷ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী (Firing in Myanmar border) ৷ পাংচুুপাছ এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ আছাম ৰাইফলছৰ সৈতে আলফা আৰু NSCN ৰ সদস্যৰ সংঘৰ্ষ ৷
জানিব পৰা মতে, অৰুণাচলৰ চাংলাং জিলাৰ পাংচুপাছ এলেকাত আছাম ৰাইফছে নতুনকৈ এটা শিবিৰ স্থাপন কৰিছিল ৷ এই শিবিৰটোতে মঙলবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত আলফা আৰু NSCN ৰ এটা দলে আকস্মিকভাৱে এম্বুশ্ব চলায় ৷ ঘটনাৰ বিতং খবৰ এই মূহুৰ্তত লাভ কৰা হোৱা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি শিবিৰটোত মৰ্টাৰেৰে আক্ৰমণ কৰে উগ্ৰপন্থীৰ দলটোৱে (Firing between militant and Assam rifles) ৷
অৱশ্যে বৰ্তমানলৈকে লাভ কৰা হোৱা নাই হতাহতৰ তথ্য ৷