তিনিচুকীয়া, 14 জুলাই :কাকপথাৰৰ দ-পথাৰত সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা আলফা কেডাৰ জ্ঞান অসম ওৰফে সন্তোষ গগৈৰ এজন ঘনিষ্ঠ লিংকমেনক গ্ৰেপ্তাৰ তিনিচুকীয়া আৰক্ষীৰ (ULFA linkman arrested from Bengaluru) । বাংগালুৰুত কৰ্মৰত শদিয়াৰ ৰঞ্জিত গগৈ নামৰ যুৱকজনক কৰ্মস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । বাংগালুৰৰ পৰাই ৰঞ্জিত গগৈয়ে আলফা নেতা জ্ঞান অসমৰ সৈতে ধনৰ লেনদেন কৰি আহিছিল ।
আটকাধীন লিংকমেন গৰাকীক অধিক তথ্যৰ বাবে তিনিচুকীয়া সদৰ থানাত উজনি অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলে আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে (Tinsukia police arrested ULFA linkman)।
ইফালে দ'পথাৰত হোৱা এনকাউন্টাৰত জ্ঞান অসমৰ মৃত্যু হোৱা পাচতেই তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু উজনি অসমৰ DIG জিৎমল দলেক আলফাই টাৰ্গেট কৰা বুলি তিনিচুকীয়াত চৰ্চা চলিছে ৷ যাক কেন্দ্ৰ কৰি সমগ্ৰ তিনিচুকীয়া জিলাত ইতিমধ্যে আৰক্ষীয়ে ৰেড এলাৰ্ট জাৰি কৰিছে (Red alert in Tinsukia district) ৷ তাৰ মাজতেই আজি তিনিচুকীয়া আৰক্ষীৰ এটা দলে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছে আলফাৰ এটা লিংকমেনক ৷
উল্লেখ্য যে যোৱা 1 জুলাইত কাকপথাৰ দ-পথাৰৰ মাজগাঁৱত আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষৰ সূত্ৰপাত হয় (Firing in Kakopathar)। আলফা (স্বা)ৰ দুৰ্ধষ সদস্য ৰূপম অসমৰ নেতৃত্বত অহা আলফাৰ ৬ জনীয়া দলৰ সৈতে সংঘৰ্ষ হয় সেনা-আৰক্ষীৰ (Bullet exchange between ULFA I and security forces)। এই গুলীয়াগুলীত নিহত হয় জ্ঞান অসম ৷