তিনিচুকীয়া,19 ফেব্ৰুৱাৰীঃ মঙলবাৰে অৰুণাচল প্ৰদেশৰ নামচাই আৰু ডুমডমা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ অৰুণাচল প্ৰদেশৰ নামচাইত সন্ধিয়া হোৱা ভয়ংকৰ দুৰ্ঘটনাত শিশু মহিলাসহ মৃত্যু হয় ছয় জন লোকৰ ৷ নামচাইৰ জয়পুৰৰ হাবি গাঁৱৰ আত্মীয়ৰ বিয়াৰ পৰা চেন্ট্ৰ গাড়ীৰে নিজ ঘৰলৈ আহি থকা অৱস্থাতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰখাই থোৱা এখন টাটা ডিআই গাড়ীত সন্মুখৰ পৰা প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত চেন্ট্ৰ গাড়ীখনৰ নম্বৰ হৈছে AS-01T-8555 ৷
অভিশপ্ত মঙলবাৰ ! দুটাকৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল মুঠ 7 জনৰ - অৰুণাচল প্ৰদেশ
বিয়া ৰভাথলীৰ পৰা উভতি অহাৰ পথত সংঘটিত হোৱা দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনাত শিশু মহিলাসহ প্ৰাণ গ’ল মুঠ 7 জনকৈ লোকৰ ৷ অৰুণাচল প্ৰদেশৰ নামচাইত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে আনটো দুৰ্ঘটনা সংঘটিত হয় ডুমডুমাত ৷
ফলত চেন্ট্ৰ গাড়ীখনত থকা মুঠ এঘাৰ জন ব্যক্তিৰ ভিতৰত শিশুসহ ছয় জনৰ মৃত্যু হয় । আনহাতে গাড়ীখনত থকা আন পাঁচগৰাকী লোকক সংকটজনক অৱস্থাত নামচাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনা সংঘটিত কৰা চেন্ট্ৰ বাহনখনৰ চালকজন বৰ্তমান সন্ধানহীন হৈ আছে । এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱাৰ লগতে মৃত্যু হোৱা লোকসকল একেটা পৰিয়ালৰ আছিল বুলি জানিব পৰা গৈছে ।
ইপিনে ডুমডুমাতো নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ডুমডমাৰ উচ্চামাটিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় মটৰ চাইকেল আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ এই মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় মটৰ চাইকেল আৰোহীজন । নিহত যুৱকজন ডুমডুমা শংকৰদেৱ নগৰৰ চেৰু কানুবুলি চিনাক্ত কৰা হৈছে । AS-23P-9866 নম্বৰৰ মটৰ চাইকেলেৰে চেৰু কানু নামৰ যুৱকজনে আত্মীয়ৰ বিয়ালৈ বুলি গৈ থকা অৱস্থাতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় । ইফালে, দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছসহ চালকে ৷ এই ঘটনাই উত্তেজিত কৰি তুলিছে স্থানীয় লোকক ৷