তিনিচুকীয়া,17 ছেপ্তেম্বৰ: মঙলবাৰে তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰীৰ সমীপত ৰেলৱেৰ এখন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনটোতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৬০ কোটি ২১ লাখ টকা ব্যয়ৰে নিৰ্মাণ হব লগা ৰেলৱে উৰণীয়া সেঁতু খনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীজনে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত এটা গছ পুলি ৰোপণেৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সহযোগত এই আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ ৰেলৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধাৰশিলা স্থাপন
তিনিকোণীয়া পুখুৰীৰ সমীপত ৬০ কোটি ২১ লাখ টকা ব্যয়ৰে নিৰ্মাণ হব উৰণীয়া সেঁতুখন ৷ অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷
![তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ ৰেলৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4467905-thumbnail-3x2-seagf.jpg)
সেঁতুখনৰ আধাৰশিলা স্থাপন কৰি উৎসাহি হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেঁতুখনে চহৰখনত ব্যাপক যান-যঁতৰ সমস্যা সমাধানত এক মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ ইফালে অনুষ্ঠানৰ পাছতে এক জন সভাত অংশলৈ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬০ কোটি ২১ লাখ ব্যয়ৰে নিৰ্মাণ হব লগা উৰণীয়া সেঁতু খনৰ ৩০ কোটি টকা ভাৰতীয় ৰেল বিভাগে আৰু বাকী ৩০ কোটি ২১ লাখ ৰাজ্য চৰকাৰে দিব বুলি ৰাইজক অৱগত কৰে ৷
আনহাতে তিনিচুকীয়া চহৰক এখন স্মাৰ্ট চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেইবাটাও কোটি টকীয়া প্ৰকল্প চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে । ইফালে কিছুদিন পূৰ্বে ৰাজ্যৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা সাংসদ প্ৰদ্যুত বৰদলৈৰ চাঞ্চল্যকৰ তিনিচুকীয়াৰ কয়লা ছিণ্ডিকেটত মুখ্যমত্ৰী জড়িত থকাৰ অভিযোগ সন্দৰ্ভত সাংবাদিকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে প্ৰদ্যুত বৰদলৈ কোন চিনি নাপাও বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷