অসম

assam

By

Published : Oct 8, 2019, 6:10 AM IST

Updated : Oct 8, 2019, 11:24 AM IST

ETV Bharat / city

তিনিচুকীয়াত পূৰ্ণগতিত চলিছে শাৰদীয় দুৰ্গোৎসৱ

মহাঅষ্টমীৰ নিশা সংৰক্ষিত আৰক্ষী কলনিৰ পূজা মণ্ডপত নীল আকাশ আৰু কুসুম কৈলাশৰ সংগীতানুষ্ঠান ৷

তিনিচুকীয়াত পূৰ্ণগতিত চলিছে শাৰদীয় দুৰ্গোৎসৱ

তিনিচুকীয়া,8 অক্টোবৰ: ৰাজ্যত এতিয়া চাৰিওফালে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহ ৷ দেৱী দুৰ্গাৰ আশিষ বিচাৰি ৰাজ্যৰ ব্ৰক্ষ্মপুত্ৰৰ পৰা বৰাকলৈ এতিয়া লাখৰ সংখ্যাত ৰাইজ ওলাই আহিছে পূজা চাবলৈ ৷ ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰ তিনিচুকীয়া জিলাতো ৰাইজৰ মাজত অব্যাহত আছে পূজাৰ আনন্দ-উল্লাস ৷ দেওবাৰে মহাঅষ্টমীৰ নিশা মা দুৰ্গাৰ আৰ্শীবাদ ল'বলৈ বহু সংখ্যক ভক্ত প্ৰাণ ৰাইজৰ সমাগম ঘটে তিনিচুকীয়া সংৰক্ষিত আৰক্ষী চাউনিৰ পূঁজা মণ্ডপলৈ ৷ আগৰ বছৰবোৰৰ দৰে এইবাৰো তিনিচুকীয়া জিলা আৰক্ষীৰ উদ্যোগত তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অতি উলহ মালহৰে পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷

তিনিচুকীয়াত পূৰ্ণগতিত চলিছে শাৰদীয় দুৰ্গোৎসৱ

মহা অষ্টমীৰ লগত সংগতি ৰাখি দেওবাৰে নিশা এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় সংৰক্ষিত আৰক্ষী চাউনিৰ পূজা মণ্ডপত ৷ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি হাজাৰ-হাজাৰ ৰাইজৰ আগত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠ শিল্পী নীল আকাশ, কুসুম কৈলাশৰ লগতে আন কেইবাজনো উদীয়মান শিল্পীয়ে ৷

Last Updated : Oct 8, 2019, 11:24 AM IST

ABOUT THE AUTHOR

...view details