অসম

assam

ETV Bharat / city

তিনিচুকীয়াত আৰক্ষীৰ পদসঞ্চালন কাৰ্যসূচী - পদসঞ্চালন কাৰ্যসূচী

স্বাধীনতা দিৱসৰ প্ৰতি সাধাৰণ ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়াত আৰক্ষীৰ পদসঞ্চালন কাৰ্যসূচী ৷

স্বাধীনতা দিৱসৰ প্ৰতি সাধাৰণ ৰাইজক আকৰ্ষিত কৰাৰ উদেশ্য

By

Published : Aug 14, 2019, 6:53 AM IST

তিনিচুকীয়া, 14 আগষ্ট : দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেই ঘণ্টা মান বাকী । ৰাজ্যৰ আন প্ৰান্তৰ লগতে স্বাধীনতা দিৱস শান্তিপূৰ্ণ ভাৱে পালন কৰিবলৈ এতিয়া সষ্টম হৈ উঠিছে তিনিচুকীয়া আৰক্ষী ৷ আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ ৰাজ্যৰ সকলো জিলাৰ স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীয়ে অব্যাহত ৰাখিছে উগ্ৰপন্থী বিৰোধী অভিযান লগতে গাড়ী মটৰত তীব্ৰ তালাচী অভিযান ৷ কিন্তু তাৰ মাজতে সমান্তৰালভাৱে সাধাৰণ ৰাইজক স্বাধীনতা দিৱসৰ প্ৰতি সজাগতা আৰু সাহস দিবৰ বাবে প্ৰচেষ্টাও অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

মঙলবাৰে সন্ধিয়া স্বাধীনতা দিৱসৰ প্ৰতি সাধাৰণ ৰাইজক আকৰ্ষিত কৰাৰ উদেশ্যে এক পদসঞ্চালন কাৰ্যসূচী ৰূপায়ণ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ তিনিচুকীয়া সদৰ আৰক্ষী আৰু মাকুমস্থিত দ্বিতীয় আৰক্ষী বেটালিয়নৰ শতাধিক বিষয়া-কনিষ্টবলে পদসঞ্চালন কাৰ্যসূচীত অংশ লৈ তিনিচুকীয়াৰ থানা চাৰিআলিৰ পৰা আৰম্ভ কৰে এই কাৰ্যসূচী ৷ কাৰ্যসূচীত অংশলৈ তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক বিতুল চেতিয়াই ভয় সংকোচ পৰিহাৰ কৰি সকলো ৰাইজক মুক্ত মনেৰে স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনায় ৷

৭৩ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন

ABOUT THE AUTHOR

...view details