অসম

assam

ETV Bharat / city

কংগ্ৰেছৰ ৰাজনীতি পৰিয়াল কেন্দ্ৰিক ৰাজনীতিঃ বাবুল সুপ্ৰিয় - bjp party

তিনিচুকীয়াত ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰ বাবুল সুপ্ৰিয়ৰ

তিনিচুকীয়াত ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰ বাবুল সুপ্ৰিয়ৰ

By

Published : Mar 26, 2019, 7:07 PM IST

তিনিচুকীয়া,26মাৰ্চঃসমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত প্ৰচাৰ অভিযানো প্ৰায় তুংগত উঠিছে। মঙলবাৰে তিনিচুকীয়াৰ তামোলবাৰীত 13নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাই ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ষ্টাৰ কেম্পেইনাৰ বাবুল সুপ্ৰিয়ই এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বঙালী ভাষাতে ভাষণ আগবঢ়াই । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছৰ ৰাজনীতিক পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বুলি কটাক্ষ কৰি ৰামেশ্বৰ তেলীক 3 লাখ ভোটৰ ব্যৱধানত জয়ী কৰিবলৈ উপস্থিত জনতাক আহ্বান জনায় ।

তিনিচুকীয়াত ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰ বাবুল সুপ্ৰিয়ৰ

ইফালে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কংগ্ৰেছ আৰু এ আই ইউ ডিএফৰ গোপন মিত্ৰতাই বিজেপিক কোনো ক্ষতি নকৰে বুলি উল্লেখ কৰি বিজেপিৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে।আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে আত্মবিশ্বাসীহৈ জয়ী হোৱাৰ কথা উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details