তিনিচুকীয়াত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - জব্দ অবৈধ কাঠভৰ্তি ট্ৰাক
তিনিচুকীয়াৰ তামোলবাৰী ট্ৰাক ষ্টেণ্ডৰ পৰা সদৰ আৰক্ষীয়ে জব্দ কৰে অবৈধ কাঠভৰ্তি ট্ৰাকখন ৷
তিনিচুকীয়া, 20 আগষ্ট: তিনিচুকীয়া জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় ৷ চহৰখনৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে চোৰাং কাঠ৷ মঙলবাৰে জিলাখনৰ তামোলবাৰী ট্ৰাক ষ্টেণ্ডৰ পৰা তিনিচুকীয়া সদৰ আৰক্ষীয়ে আভিযান চলাই RJ-14GF-2711 নম্বৰৰ এখন চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ কৰে ৷ অৰুণাচল প্ৰদেশৰ মেওৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা ট্ৰাকখনৰ গৰাকী পাটোৱাৰী উপাধিৰ এজন চোৰাং কাঠ ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে ৷ জিলাখনত চলি থকা সকলো ধৰণৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে টাই আহোম ছাত্ৰ সন্থাই ৷