অসম

assam

ETV Bharat / city

দৈদাম চাহ বাগিচা বন্ধৰ হুংকাৰ চাহ শ্ৰমিকৰ

চাহ শ্ৰমিকৰ সমস্যাৰ প্ৰতি পিঠি দৈদাম চাহ বাগিচাৰ কৰ্তৃপক্ষৰ ৷ চাহ শ্ৰমিক নেতাক বৃদ্ধাংগুষ্ঠ বাগিচা কৰ্তৃপক্ষৰ ৷

By

Published : Oct 30, 2021, 9:03 PM IST

Tea workers protest at Daidam tea garden
দৈদাম চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

শদিয়া, 30 অক্টোবৰ :ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে শনিবাৰে ন্যায্য প্ৰাপ্তিৰ দাবীত বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৱাৰেন টি লিমিটেডৰ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে ন্যায্য প্ৰাপ্যৰ দাবী জনাই আহিছে যদিও বৰ বৰ শ্ৰমিক নেতাৰ মধ্যস্থতাত অনুষ্ঠিত আলোচনাকো বুঢ়া আঙুলি দেখুৱাই বাগিচা কৰ্তৃপক্ষই বাগিচাখনৰ চাহ শ্ৰমিকক ন্যায্য প্ৰাপ্যসমূহৰ পৰা বঞ্চিত কৰি আহিছে ৷ যাৰবাবে শনিবাৰে ক্ষোভিত শ্ৰমিকে বাগিচাখনৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

দৈদাম চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

উল্লেখ্য যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিকৰ তথাকথিত নেতাসকলে বিভিন্ন পন্থা অৱলম্বন কৰি তথা ভুৱা প্ৰতিশ্ৰুতিৰে সাংসদ-বিধায়কৰ পদ শুৱনি কৰি আহিছে যদিও খাটিখোৱা চাহ শ্ৰমিকে হাড়ভঙা শ্ৰমৰ বিনিময়ত পাবলগীয়া প্ৰাপ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

সাম্প্ৰতি চাহ বাগিচাসমূহত চাহ শ্ৰমিকৰ ওপৰত বিভিন্ন ধৰণৰ শোষণ নীতি অৱলম্বন কৰি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ প্ৰাপ্যসমূহ ক্ৰমান্বয়ে বিলুপ্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ বিপৰীতে কেৱল নিৰ্বাচনত সৰৱ ভূমিকা পালন কৰা শ্ৰমিক নেতা সকলে বাগিচা কৰ্তৃপক্ষৰ এনে শ্ৰমিক বিৰোধী নীতিৰ ক্ষেত্ৰত আশ্চৰ্যজনকভাৱে নিৰৱ ভূমিকা পালন কৰি আহিছে ৷

বাগিচা কৰ্তৃপক্ষৰ এই শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে দৈদাম চাহ বাগিচাৰ চাহ শ্ৰমিকে 14 দফীয়া দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীসমূহ বাগিচা কৰ্তৃপক্ষই মানি নল’লে 2 নৱেম্বৰ আৰু 3 নৱেম্বৰত বাগিচা বন্ধৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :পুনৰ বহিৰাগত ব্যৱসায়ীক সংস্থাই ঠগিলে থলুৱা কৰ্মচাৰী-ঠিকাদাৰক

ABOUT THE AUTHOR

...view details