তিনিচুকীয়া, 22 জানুৱাৰী : তিনিচুকীয়াৰ ৱাৰেন টি লিমিটেডৰ অধীনস্থ দেওশাল চাহবাগিছাস্থিত মুখ্য কাৰ্যালয়টো চৰকাৰে কলকাতালৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি আজি অসম চাহ কৰ্মচাৰী সংঘৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত চাহ কোম্পানীটো যাতে কোনো কাৰণতে দেওশালৰ পৰা স্থানান্তৰ নকৰে তাৰ বাবে শতাধিক শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
তিনিচুকীয়াৰ দেওশালত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ - তিনিচুকীয়া
তিনিচুকীয়াৰ দেওশালত চাহ শ্ৰমিক সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে ৷ অতিশীঘ্ৰে চাহ শ্ৰমিক সকলৰ দাবী সমূহ পূৰণ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷
![তিনিচুকীয়াৰ দেওশালত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ Tea workers protest in tinsukia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10337102-thumbnail-3x2-pro.jpg)
তিনিচুকীয়াৰ দেওশালত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
তিনিচুকীয়াৰ দেওশালত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
ইফালে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ অনাদায় দৰমহা মোকলাই দিয়া, খালী হোৱা পদসমূহত পূৰণ কৰা, শ্ৰমিকসকলৰ কৰ্তন কৰা দৰমহা আদায় দিয়া আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম চাহ কৰ্মচাৰী সংঘই । চৰকাৰে দীৰ্ঘ দিন ধৰি চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ লগতে প্ৰাপ্য়ৰ পৰা বঞ্চিত কৰি অহা বুলি অভিযোগ কৰে ৷ অতি শীঘ্ৰে যদি চৰকাৰে চাহ শ্ৰমিক সকলৰ এই দাবী সমূহ পূৰণ নকৰে, তেনেহলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷