অসম

assam

By

Published : Jul 7, 2020, 9:04 PM IST

ETV Bharat / city

অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ

চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে অখিল গগৈৰ লগতে কা বিৰোধী আন নেতা সকলক কাৰাগাৰত বন্দী কৰি ৰাখিছে ৷ বিনাচৰ্তে কৃষক নেতা গৰাকীক মুকলি কৰি দিবলৈ দাবী টাই আহোম যুৱ পৰিষদৰ সদস্য সকলৰ ৷

Tai Ahom Juwa Parishad Protest for Akhil Gogoi Release in Tinsukia
অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ

তিনিচুকীয়া,7 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত টাই আহোম যুৱ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে তিনিচুকীয়া চহৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ

'কা' বিৰোধী আন্দোলনৰ সবল নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে আন-আন কাৰাবন্দী নেতাসকলক মুক্তিৰ দাবীত মঙলবাৰে তিনিচুকীয়াত টাই আহোম যুৱ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত মন্তব্য কৰে যে, চৰকাৰে ষড়যন্ত্ৰমুলক ভাবে অখিল গগৈৰ লগতে কা বিৰোধী আন নেতা সকলক ইটোৰ পিছত সিটো গোচৰ জাপি কাৰাবন্দী কৰি ৰাখিছে ৷ প্ৰতিবাদকাৰী সকলে এই কাৰ্যৰ ঘোৰ বিৰোধিাত কৰি অতি শীঘ্ৰে বিনাচৰ্তে কৃষক নেতা গৰাকীক মুকলি কৰি দিবলৈ দাবী তোলে ৷ অন্যথা জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়নি দিয়ে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, কবি নীলিম কুমাৰৰ প্ৰান্তিক আলোচনীত প্ৰকাশিত "এখন অসুস্থ চিটিবাছ” নামৰ এটা বিতৰ্কিত কবিতাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ ইতিমধ্যে উক্ত কবিতাটোৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আহোম জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি প্ৰতিবাদস্থলীৰ পৰাই কবি নীলিম কুমাৰক গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰিছে ৷

লগতে পঢ়ক- বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ খাইছে আৰক্ষীৰ

ABOUT THE AUTHOR

...view details