অসম

assam

ETV Bharat / city

সূত্ৰধাৰ নাট্যমঞ্চ আৰু নাট্য সন্মিলনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল - সামৰণি অনুষ্ঠান

সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসমীয়া সংস্কৃতি জীয়াৰ ৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীৰ

সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী

By

Published : Mar 31, 2019, 9:05 PM IST

শদিয়া, 31 মাৰ্চ : সূত্ৰধাৰ নাট্যমঞ্চ আৰু অসম নাট্য সন্মিলন মাইথং শাখাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমীয়া সংস্কৃতি জীয়াইৰখাৰ ক্ষেত্ৰত সজাগ, সচেতন হবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ লগতে বিদ্যালয় শিক্ষাৰ সমান্তৰালকৈ সাংস্কৃতিক, ক্ৰীড়া ইত্যাদি দিশতো ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অভিভাৱক আগভাগ ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে স্থানীয় বিধায়ক বলিন চেতিয়া, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰক্ৰায়ী উপস্থিত থকা অনুষ্ঠানটোত ৰাজনৈতিক ভাষণৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী ৷ উল্লেখ্য যে, সাংস্কৃতিক ক্ষেত্ৰত 25 বছৰ অতিক্ৰম কৰা সূত্ৰধাৰ নাট্য মঞ্চৰ লগতে নাট্য সন্মিলন মাইথং শাখাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আহিছে ৷

টোপনিত লালকাল বলিন চেতিয়া

ABOUT THE AUTHOR

...view details