অসম

assam

By

Published : Jun 20, 2019, 6:15 PM IST

ETV Bharat / city

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক 6 টা চোৰ

বৃহস্পতিবাৰে নিশা তালাপত চুৰিকাণ্ড ৷ প্ৰায় ৪ লাখ টকাৰ তাঁৰ চুৰি কৰি থাকোতেই হাতে-লোটে ধৰা পৰিল ছটাকৈ চোৰ

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক ছটাকৈ চোৰ

তিনিচুকীয়া, 20 জুনঃ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰীত M/S neccon Power & Infra Ltd. নামৰ এটা কোম্পানীৰ গুদামৰ পৰা বুধবাৰে নিশা প্ৰায় ৪ লাখ টকাৰ তাঁৰ চুৰি কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে ছটাকৈ চোৰক ৷ ডুমডুমা আৰু তালাপ আৰক্ষীৰ যৌথ অভিযানত AS-04BC-1853 নম্বৰৰ গাড়ীত তাঁৰ উঠাই থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে চোৰকেইটাক ৷ কল্পজিত বৰুৱা, ডিম্পু গগৈ,মন্টু বৰুৱা,ৰাজু গগৈ,মনোৰঞ্জন বৰুৱা,কৃষ্ণ চাহ নামৰ ছটাকৈ চোৰক আটক কৰে আৰক্ষীয়ে।

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক ছটাকৈ চোৰ

আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পৰাগ জ্যোতি বৰুৱা নামৰ চোৰটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত M/S Neccon Power & Infra Ltd. ৰ বৈদ্যুতিক অভিযন্তাই তালাপ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

আৰু পঢ়কঃ বৰপেটাত FCI ৰ চোৰাং চাউলৰ বস্তা জব্দ

ABOUT THE AUTHOR

...view details