অসম

assam

ETV Bharat / city

তিনিচুকীয়াত অজগৰ উদ্ধাৰ : বনাঞ্চলত মুকলি বন বিভাগৰ - 6 ফুট দীঘল আৰু 5 কেজি ওজন অজগৰ

সোমবাৰে তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত এটা অজগৰ উদ্ধাৰ কৰা হয় ৷ আঘাতপ্ৰাপ্ত অজগৰটোক চিকিৎসা প্ৰদান কৰি স্থানীয় বন বিভাগৰ হাতত গতাই দিয়া হয় ৷

অজগৰ উদ্ধাৰ

By

Published : Oct 1, 2019, 10:49 AM IST

তিনিচুকীয়া, 1 অক্টোবৰ : সোমবাৰে তিনিচুকীয়াৰ মাগুৰি-মতাপুং বিলত এটা অজগৰ উদ্ধাৰ কৰা হয় ৷ তথ্য অনুসৰি, বাৰেকুৰি পুৰণি মতাপুং গাঁৱৰ ৰাইজে জালত লাগি থকা অৱস্থাত অজগৰটো প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাছতে গাঁওখনৰে মানৱ চুতীয়া নামৰ যুৱকজনে অজগৰটো উদ্ধাৰ কৰে ৷

তিনিচুকীয়াত অজগৰ উদ্ধাৰ

আঘাতপ্ৰাপ্ত অজগৰটোক চিকিৎসা প্ৰদান কৰি স্থানীয় বন বিভাগৰ হাতত গতাই দিয়া হয় ৷ উদ্ধাৰ হোৱা অজগৰটো প্ৰায় 6 ফুট দীঘল আৰু 5 কেজি ওজনৰ বুলি বন বিভাগে সদৰী কৰিছে ৷ ইপিনে বন বিভাগৰ হাতত অৰ্পণ কৰা অজগৰটোক স্থানীয় ভেৰজান বনাঞ্চলত মুকলি কৰি দিয়া হয় ৷

ABOUT THE AUTHOR

...view details