অসম

assam

ETV Bharat / city

বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল প্ৰতিবাদ - বাঘজান

বাঘজান কাণ্ডই ১৪২ দিন অতিক্ৰম কৰিলে যদিও বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ নোপোৱাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

 বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল  প্ৰতিবাদ
বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল প্ৰতিবাদ

By

Published : Oct 15, 2020, 10:27 AM IST

তিনিচুকীয়া, 15 অক্টোবৰ:বাঘজান কাণ্ডই ১৪২ দিন অতিক্ৰম কৰিলে যদিও চৰকাৰে উক্ত ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক এতিয়া লৈ কোনো সাহাৰ্য প্ৰদান নকৰিলে । উক্ত ঘটনাক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বাঘজানবাসী ৰাইজে ।

বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল প্ৰতিবাদ

বাঘজানবাসী ৰাইজে পুনৰ অনিৰ্দিষ্টকাললৈ বাঘজানলৈ যোৱা দুয়োটা পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । যেতিয়ালৈকে তেওঁলোকে চৰকাৰ তথা অইল ইণ্ডিয়াৰ পৰা উপযুক্ত ক্ষতিপূৰণ নাপাব, তেতিয়ালৈকে তেওঁলোকৰ এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে ৰাইজে ।

বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল প্ৰতিবাদ

যোৱা ইং ১৮/০৯/২০২০ তাৰিখে অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে ৭-১০ দিনৰ ভিতৰতে বাঘজানবাসী ৰাইজক আগধনৰ ব্যৱস্থা কৰা হ'ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যদিও ২৬-২৭ দিন উকলি যোৱাৰ পিছতো ক্ষতিগ্ৰস্ত ৰাইজে নাপালে কোনো সা-সুবিধা । অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়া আৰু চৰকাৰ প্ৰশাসনকদাবী কৰিছে প্ৰতিবাদ কাৰী ৰাইজে ।

বাঘজানৰ অগ্নিকাণ্ড : ৰাইজৰ উত্তাল প্ৰতিবাদ

লগতে পঢ়ক :কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী গোঁসাইগাঁৱৰ যুৱক

ABOUT THE AUTHOR

...view details