অসম

assam

ETV Bharat / city

কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ - প্ৰতিবাদ

কাকপথাৰ ৰজাগড়ত উত্তপ্ত পৰিস্থিতি ৷ তালাপ সমবায় সমিতিৰ এজেন্টে সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ কৰি ক্ষোভিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

public Protest Against Samabai Agent At Sadia,Tinsukia District
কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

By

Published : Jun 25, 2021, 8:55 AM IST

শদিয়া, 25 জুন :তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়তৰ ৰজাগড়ত সমবায় সমিতিৰ এগৰাকী এজেন্টৰ বাসগৃহত বৃহস্পতিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, তালাপ সমবায় সমিতিৰ এজেন্ট অৰূপ শৰ্মাই চৰকাৰে যোগান ধৰা সুলভ মুল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতি কৰাৰ বিভিন্ন অভিযোগ তুলি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি সমবায়খনৰ এজেন্ট অৰূপ শৰ্মাৰ নামত থকা সুলভ মুল্যৰ দোকানখন অৰূপ শৰ্মাৰ পিতৃ বিপিন শৰ্মাই চলাই আছে যদিও ব্যাপক দুৰ্নীতি (corruption) কৰি আহিছে বুলি অভিযোগ কৰে স্থানীয় গ্ৰাহক সকলে ৷

গ্ৰাহক সকলে অভিযোগ কৰা অনুসৰি, সুলভ মূল্যৰ চাউল আনিবলৈ যোৱা গ্ৰাহক সকলক এজেন্ট বিপিন শৰ্মাই প্ৰায়ে অভব্য আচৰণ কৰাৰ লগতে অবাইচ ভাষাৰে গালি গালাজ কৰে ৷ ইয়াৰোপৰি ওজনতো খেলিমেলি কৰি প্ৰতিগৰাকী গ্ৰাহকে পাবলগীয়া চাউলৰ 2 ৰ পৰা 9 কিলোগ্ৰামলৈকে কমকৈ চাউল প্ৰদান কৰে এজেন্ট বিপিন শৰ্মাই ৷ অকল সেয়াই নহয় ৰাইজৰ চকুত ধৰা পৰে এজেন্ট গৰাকীৰ আন এক ভয়ংকৰ অনিয়ম ৷

কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে প্ৰযোজ্য হোৱা আংশিক লকডাউনত (Lockdown) ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে যোগান ধৰিছে অতিৰিক্ত চাউল ৷ কিন্তু অতিৰিক্ত চাউল এজেন্ট বিপিন শৰ্মাই ৰাইজক বিতৰণ নকৰাকৈ বহু সংখ্যক গ্ৰাহকৰ ৰেচন কাৰ্ডত অতিৰিক্ত চাউল প্ৰদান কৰা বুলি লিপিবদ্ধ কৰাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় গ্ৰাহক সকলে ৷

অতি আশ্বৰ্যজনকভাৱে এগৰাকী গ্ৰাহকৰ ৰেচন কাৰ্ডত 2021 চনৰ অক্টোবৰ আৰু নবেম্বৰ মাহৰ চাউলো ইতিমধ্যে প্ৰদান কৰা বুলি লিপিবদ্ধ কৰা ধৰা পৰে ৷ এজেন্টগৰাকীৰ এনে কৰ্মকাণ্ডই ৰাইজক উত্তেজিত কৰি তুলিছে, যাৰ ফলত বৃহস্পতিবাৰে ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হয় এজেন্ট বিপিন শৰ্মা ৷ আনহাতে, এজেন্ট অৰূপ শৰ্মাৰ পিতৃয়ে ৰাইজৰ সকলো অভিযোগ অনিচ্ছাকৃতভাৱে হোৱা বুলি স্বীকাৰ কৰে ৷

দীৰ্ঘ দিন ধৰি সমবায় খনৰ এজেন্ট বিপিন শৰ্মাই গ্ৰাহক সকলক ঠগি খোৱাৰ লগতে ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে স্থানীয় গ্ৰাহক সকলে ৷


লগতে পঢ়ক-উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা

ABOUT THE AUTHOR

...view details