তিনিচুকীয়া, 2 জুলাইঃ তিনিচুকীয়াৰ গুইজানত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰায় এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো আগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷
উল্লেখ্য যে, বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰায় এমাহ সম্পূৰ্ণ হ'ল ৷ কিন্তু এতিয়াও তৈল খাদটোত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই ৷ ইতিমধ্যে উক্ত অগ্নিকাণ্ডটোত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ঘৰ দুৱাৰ, বহু জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ তাৰোপৰি ক্ষতিগ্ৰস্ত লোক সকলৰ এতিয়া থাকিবলৈ ঘৰ দুৱাৰ নোহোৱাৰ উপৰিও তীব্ৰ খাদ্য সংকটত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ কিন্তু দুখৰ বিষয় যে, উক্ত ঘটনাত ক্ষতিগ্ৰস্ত লোক সকলক চৰকাৰে ক্ষতি পূৰণ দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈ কিন্তু কোনো সাহাৰ্য প্ৰদান নকৰিলে বুলি অভিযোগ কৰে ক্ষতিগ্ৰস্ত লোক সকলে ৷