শদিয়া, 2 ডিচেম্বৰ : চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধলা চাহ বাগিচাত আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
প্ৰতিবাদকাৰীসকলে চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ আৱাসগৃহ মেৰামতি কৰা, আকাশলংঘী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, স্বাস্থ্য সেৱাৰ নামত ভেঁকোভাওনা বন্ধ কৰি শ্ৰমিকৰ উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰা, চৰকাৰী যিকোনো আঁচনি বাগিচাত প্ৰযোজ্য হোৱাকৈ NOC দিয়াৰ ব্যৱস্থা কৰা, ধলা চাহ বাগিচাৰ ভুমি বেদখল মুক্ত কৰাৰ লগতে শ্ৰমিকৰ জলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপন কৰে ৷ বাগিচা মালিক পক্ষ আৰু চৰকাৰক দাবী জনাই তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাৰ ফেক্টৰীৰ মুখ্যদ্বাৰত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷