অসম

assam

By

Published : Nov 2, 2021, 10:27 PM IST

ETV Bharat / city

ডিগবৈ তেল শোধানাগাৰৰ সন্মুখত জাতীয় দল সংগঠনৰ প্ৰতিবাদ

অইলত বিভিন্ন বিভাগত থলুৱা যুৱক-যুৱতীৰ সংস্থাপন, তেল শোধানাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দই ৷ অইল কৰ্তৃপক্ষই শীঘ্ৰে সমস্যা সমাধান নকৰিলে তেল শোধানাগাৰৰ কাম কাজ বন্ধ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ৷

protest-against-digboi-oil-refinery
ডিগবৈ তেল শোধানাগাৰৰ সন্মুখত জাতীয় দল সংগঠনৰ প্ৰতিবাদ

তিনিচুকীয়া, ২ নৱেম্বৰ :এছিয়াৰ প্ৰথম তেল শোধানাগাৰ ডিগবৈ তেল শোধানাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত মঙলবাৰে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে থলুৱা যুৱক-যুৱতীৰ সংস্থাপন, তেল শোধানাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ লগতে তেল শোধানাগাৰৰ দ্বাৰা পৰিচালিত একমাত্ৰ চিকিৎসালয়খনৰ বিভাগীয় চিকিৎসকৰ অভাৱ দূৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিগবৈ তেল শোধানাগাৰৰ সন্মুখত জাতীয় দল সংগঠনৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে এই দাবীসমূহ সমাধানৰ বাবে বিভিন্ন সময়ত আহ্বান জনাই অহাৰ পাছতো আজি পৰ্যন্ত দাবীসমূহ পূৰণ কৰাৰ বাবে অইল কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৷ যাৰবাবে মঙলবাৰে সংগঠনসমূহে এই তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ ছাত্ৰ নেতাসকলে বিভিন্ন অইল আৰু চৰকাৰে বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তেল শোধানাগাৰৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷

তেওঁলোকে অইল কৰ্তৃপক্ষক অতি শীঘ্ৰে উক্ত দাবীসমূহ পূৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ অন্যথা তেল শোধানাগাৰ বন্ধ কৰাৰ দৰে কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক :কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ

ABOUT THE AUTHOR

...view details