শদিয়া, 13 আগষ্ট : সদৌ অসম মটক ছাত্ৰ সন্থাৰ আহ্বান মর্মে আজি ধলা-ছৈখোৱা আঞ্চলিক মটক ছাত্ৰ সন্থাই ধলা-ছৈখোৱা বাইপাছত নাগৰিকত্ব সংশোধনী আইন 2019 তথা EIA 2020 বাতিল কৰা লগতে অখিল গগৈক মুক্তিৰ দাৱীত মানৱ শৃংখল কার্য্যসূচী হাতত লয় ৷ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক বিতু তামুলীয়ে আঁত ধৰা কার্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা যুগল বৰুৱা,তিনিচুকীয়া সমিতিৰ উপ-সভাপতি বিশ্বজিৎ দত্ত লগতে কেইবাজনো বিষয়বৱীয়া ৷ উপস্থিত ৰাইজে বিভিন্ন শ্লোগান দি ধলা-ছৈখোৱাৰ পৰিবেশ উত্তাল কৰি তোলে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - ধলা-ছৈখোৱা বাইপাছত নাগৰিকত্ব সংশোধনী আইন
ধলা-ছৈখোৱা বাইপাছত কা 2019, EIA 2020 বাতিলৰ লগতে অখিল গগৈ মুক্তিৰ দাবীত সদৌ অসম মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কার্য্যসূচী ৷
সদৌ অসম মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কার্য্যসূচী
সদৌ অসম মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদী কার্য্যসূচী