অসম

assam

ETV Bharat / city

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি: ডুমডুমা-জোনাইত প্ৰতিবাদ - মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডুমডুমা আৰু জুনাইতো সংগঠনৰ সদস্যই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰা হয় ৷

ৰাজ্যজুৰি প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

By

Published : Nov 5, 2020, 10:54 PM IST

ডুমডুমা : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাত আজি অসমৰ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে জিলা সমিতিৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে । বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোকসকলক জীয়াতু ভোগাইছে । অসম চৰকাৰক অতি শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ যুৱ-ছাত্ৰ পৰিষদে দাবী জনায় ৷

ডুমডুমাত AJYCP ৰ প্ৰতিবাদ

জোনাই : জোনাই-চিমেন চাপৰিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ জোনাই বজাৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি জোনাইৰ যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি হ্ৰাস কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব আদি শ্ল'গানেৰে জোনাইৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পদত্যাগ দাবী কৰাৰ লগতে অনতিপলমে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়৷ অন্যথা যুৱ ছাত্ৰ পৰিষদে আৰু জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷

জুনাইত AJYCP ৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা নীল গগৈয়ে কয় যে, যিখন বিজেপি চৰকাৰে আমাক মূল্যবৃদ্ধি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, সেই চৰকাৰখনে কিন্তু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷ কথা হ'ল আমি জনসাধাৰণৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে৷ যাৰ কাৰণে আজি যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰিবলৈ বাধ্য হৈছো ৷ মূল্যবৃদ্ধি হোৱাৰ পিচতো যোগানমন্ত্ৰীগৰাকী নিশ্চুপ হৈ আছে ৷ সেয়ে আমি অসম চৰকাৰক ধিক্কাৰ দিছো ৷ লগতে সকলো খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ অসম চৰকাৰক দাবী জনায় নীল গগৈয়ে ৷

প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জোনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰচাৰ সম্পাদক জিতেন মিলি আৰু জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকাকে ধৰি জোনাই আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত আছিল ৷ ইফালে চিমেন চাপৰিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত 'মূল্যবৃদ্ধি হ্ৰাস কৰক, যোগান বিভাগ হায় হায়, যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়' আদি শ্ল'গান দি চিমেন চাপৰিত উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজু কোঁৱৰ, আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক :ভূপেন দা অবিহনে অতিক্ৰম 9 বছৰ

ABOUT THE AUTHOR

...view details