অসম

assam

ETV Bharat / city

আটকাধীন তিনি যুৱকৰ সন্দৰ্ভত আলফা(স্বা)ৰ প্ৰেছ বিবৃতি - আলফাৰ লগত যোগসূত্ৰ ৰক্ষা কৰাৰ অভিযোগ

বিগত 13 ছেপ্টেম্বৰত ডিগবৈত আলফা(স্বা)ৰ ৰূপম অসমৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰাৰ অভিযোগত তিনিজন যুৱকক আটক কৰিছিল ডিগবৈ আৰক্ষীয়ে । বুধবাৰে আলফা(স্বা)য়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই তিনি যুৱকৰ সৈতে আলফা (স্বা)ৰ কোনো নেতা, বিষয়া তথা সদস্যৰ কোনোধৰণৰ যোগসূত্ৰ নাই বুলি অৱগত কৰে (Press release by ULFA (I) ) ।

Press release by ULFA(I)
আটকাধীন তিনি যুৱকৰ সন্দৰ্ভত আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

By

Published : Sep 14, 2022, 7:59 PM IST

তিনিচুকীয়া, 14 ছেপ্টেম্বৰ: বিগত 13 ছেপ্টেম্বৰত ডিগবৈত আলফা(স্বা)ৰ ৰূপম অসমৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰাৰ অভিযোগত তিনিজন যুৱকক আটক কৰিছিল ডিগবৈ আৰক্ষীয়ে । আটকাধীন তিনি যুৱক ক্ৰমে বৰডুমচা ৰতনি পথাৰ গাঁৱৰ হৰকান্ত মৰাণ (২৪), মিহলি ঋতুপথাৰ গাঁৱৰ কলিয়া দহোটীয়া (৩৬) আৰু বৰডুমচাৰ দিপ্লৱ ফুকন (২৭) ।

আটকাধীন তিনি যুৱকৰ সন্দৰ্ভত আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

ইয়াৰ পিছতে বুধবাৰে আলফা(স্বা)য়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই তিনি যুৱকৰ সৈতে আলফা (স্বা)ৰ কোনো নেতা, বিষয়া তথা সদস্যৰ কোনোধৰণৰ যোগসূত্ৰ নাই বুলি অৱগত কৰে (Press release by ULFA (I)) । আনহাতে বিগত আগষ্ট মাহত সোণাৰি আৰু নিতাইপুখুৰীৰ পৰা দুগৰাকী নিৰীহ যুৱকক সেনা-আৰক্ষীয়ে আলফা (স্বা)ৰ যোগাযোগকাৰী সজাই জেললৈ প্ৰক্ষেপ কৰা সন্দৰ্ভতো সেয়া ভুৱা প্ৰচাৰ বুলি অভিযোগ উত্থাপন কৰে আলফা (স্বা)য়ে ।

লগতে এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ বিবৃতিৰ জৰিয়তে আলফা(স্বা)য়ে অসমবাসীক গোহাৰি জনায় ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details