অসম

assam

ETV Bharat / city

মাতৃৰ চিকিৎসাৰ বাবে জীয়ৰীৰ ৰাইজলৈ কৰুণ আহ্বান - তিনিচুকীয়া ফিল'বাৰী

তিনিচুকীয়া ফিল'বাৰী এগৰাকী মহিলাৰ জটিল ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে সকলো টকা পইচা-সা সম্পত্তি বিক্ৰী হয় ৷ অৱশেষত উপায়ন্তৰ হৈ মাতৃৰ চিকিৎসাৰ বাবে চৰকাৰৰ লগতে সু-হৃদয়ৱান লোকৰ সহায় ভিক্ষাৰ বাবে আহ্বান জনাইছে মহিলাগৰাকীৰ জীয়ৰী সংগীতা ছেত্ৰীয়ে ৷

ETV BHARAT
মাতৃৰ চিকিৎসাৰ বাবে জিয়ৰীৰ ৰাইজলৈ কৰুণ আহ্বান

By

Published : May 27, 2020, 3:52 PM IST

ডুমডুমা, 27 মেঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ এগৰাকী যুৱতীৰ ৰাইজলৈ কৰুণ আহ্বান ৷ মাতৃৰ চিকিৎসাৰ বাবে গৈ ইতিমধ্যে নেপালত আৱদ্ধ হৈ আছে মাতৃৰ সৈতে যুৱতী গৰাকী ৷

লকডাউনৰ পূৰ্বেই চকু চিকিৎসাৰ বাবে নেপাললৈ গৈছিল তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ অমৃকা দেবী নামৰ এগৰাকী মহিলা । মাতৃৰ সৈতে জীয়ৰী সংগীতা ছেত্ৰীও গৈছিল নেপাললৈ ৷ লকডাউনৰ বাবে নেপালতে আৱদ্ধ হ'ব লগা হয় ৷ আনহাতে আৱদ্ধ হৈ থকাৰ সময়তেই পেটৰ এক জটিল ৰোগত আক্ৰান্ত হয় মাতৃ অমৃকা দেবী ৷ চিকিৎসকে মহিলাগৰাকীৰ কন্যা সংগীতা ছেত্ৰীক জনোৱা মতে, পেটৰ ভিতৰত পাথৰ হৈ ফাটি যোৱা বুলি জনোৱাৰ লগতে চিকিৎসাৰ বাবে প্ৰায় তিনি লক্ষাধিক টকাৰ প্ৰয়োজন হ'ব বুলিও জনাইছে সংগীতাক । যাৰ বাবে এতিয়া দৰিদ্ৰ পৰিয়ালটো নিৰুপায় হৈ পৰিছে ।

মাতৃৰ চিকিৎসাৰ বাবে জিয়ৰীৰ ৰাইজলৈ কৰুণ আহ্বান

আনহাতে দৰিদ্ৰ পৰিয়ালটোৰ লগত অটল অমৃত আঁচনিৰ কাৰ্ড আছে যদিও সেই কাৰ্ড নেপালৰ চিকিৎসালয়ত গ্ৰহণ নকৰে । ফলত প্ৰায় এক সপ্তাহ ধৰি চিকিৎসা অবিহনে এনেদৰেই চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুজি আছে দুৰ্ভগীয়া মহিলাগৰাকী । ইতিমধ্যে পৰিয়ালটোৰ যিখিনি সা-সম্পত্তি আছিল সকলো বিক্ৰী কৰিলে ৷ অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোৱে মাতৃৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে সংগীতা ছেত্ৰীৰ লগতে পৰিয়ালটোৱে । লগতে চিকিৎসাৰ বাবে চৰকাৰৰ লগতে সু-হৃদয়ৱান লোকৰ সহায় ভিক্ষাৰ বাবে আহ্বান জনাইছে জীয়ৰী সংগীতাই ৷ কোনো সদাশয় লোকে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে সংগীতা ছেত্ৰীৰ United Bankৰ ডুমডুমা শাখাত থকা A/C No: 0015010713122, ISFC Code: UTBI0DOD316 ত সহায় আগবঢ়াব পাৰে । লগতে অমৃকা দেবীৰ পৰিয়ালৰ মোবাইল নম্বৰ: 6901775728 তো যোগাযোগ কৰিব পাৰিব বুলি ৰাইজলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক-কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত 144 ধাৰা জাৰি

ABOUT THE AUTHOR

...view details